মাজনিশা চালকে মাতাল যুৱতীক নিলে নিজৰ ঘৰলৈ, দুদিনৰ মূৰত চকু মেলি দেখিলে কি?

বাংগালুৰুত চালকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। ২২ বছৰীয়া যুৱতীয়ে নিজেই শনিবাৰে আৰক্ষী চকীলৈ আহি অভিযোগ দাখিল কৰিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, ঘটনাটো ২৫ নৱেম্বৰত সংঘটিত হৈছিল। যুৱতীগৰাকীয়ে সেই নিশা এজন বন্ধুৰ ঘৰত আছিল। মাজনিশা বন্ধুজনৰ ঘৰৰ পৰা আন এজন বন্ধুৰ ঘৰলৈ যাবৰ বাবে অনলাইন বাইক সেৱাৰ ব্যৱস্থা কৰিছিল৷ কিন্তু চালকজনে যুৱতীক নিজ ঘৰলৈ লৈ যায়। চালকজনে ছোৱালীজনীক জোৰ কৰি নিজৰ ঘৰলৈ নি অপকৰ্ম কৰাৰ অভিযোগ আনিছে। অভিযোগ মতে, দুজন লোকে ধৰ্ষণ কৰে।
অৱশ্যে, তদন্তৰ পিছত, আৰক্ষী সূত্ৰই কয় যে যুৱতী মদৰ ৰাগীত আছিল। চালকজনে এটা নিৰ্দিষ্ট গন্তব্যস্থানলৈ লৈ গৈছিল। কিন্তু অত্যাধিক সুৰাপানৰ বাবে যুৱতী স্বাভাৱিক অৱস্থাত নাছিল। বাইক আৰোহীজনে সেই সুযোগ লৈছিল। বাইক আৰোহীজনে যুৱতীক ঘৰলৈ নিয়ে। চালকজনৰ উপৰিও আন এজন লোক সেই সময়ত উপস্থিত আছিল।
যুৱতীগৰাকীয়ে ঘটনাটোৰ পিছদিনা জ্ঞান ঘূৰাই পোৱা বুলি কয়। গোটেই শৰীৰত ভয়ংকৰ বিষ অনুভৱ কৰিছিল। তাৰ পাছত ছেইণ্ট জন্স হস্পিতাললৈ যায়। চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুজন পুৰুষ আৰু ২২ বছৰীয়া মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে।