মহিলা সিংঘম ডিম্পী বৰাই কঁপাইছে কামৰূপৰ বনবিভাগ
নিউজ ডেস্ক,৪ ফ্ৰেব্ৰুৱাৰীঃএগৰাকী মহিলা বন বিষয়াৰ দপদপনিত কম্পমান এতিয়া পশ্চিম কামৰূপ। পূৰ্বৰ বিষয়াই তিনিবছৰত যি কাম কৰিব নোৱাৰিলে সেয়া ৬মাহত কৰি দেখুৱালে বন বিষয়াগৰাকীয়ে। লগতে চৰকাৰক প্ৰায় ২২৫ কোটি টকাৰ ৰাজহ জমা দিলে। বন বিষয়াগৰাকীৰ ভয়ত এতিয়া কম্পমান ভূ-মাফিয়া,বালি মাফিয়া আৰু কাঠ মাফিয়া। এটাৰ পিছত এটা অভিযান চলাই সৃষ্টি কৰিছে সন্ত্ৰাসৰ। কামৰূপ জিলাৰ উপ বনসংমণ্ডল বিষয়া ডিম্পী বৰাই বামুণী গাঁওত DFO হিচাপে যোগদান কৰাৰ পিছতেই বন বিভাগে লৈছে নতুন ৰূপ। সৎ সাহসী ডিম্পী বৰাই সোণতলী মালীবাৰী গৰৈমাৰীত প্ৰায় অৰ্ধ শতাধিক অবৈধ কাঠৰ দোকানত ওলমালে টকা। তাৰোপৰি ১২ জন চোৰাং চিকাৰীসহ ১৭টা কাঠ ফলা মিল,৬৪টা বালি মেচিন,৬৪ খন চাইকেল জব্দ কৰে।লগতে ১৩১ খন অবৈধ কাঠ কঢ়িওৱা গাড়ী জব্দ কৰে। বনবিষয়া ডিম্পী বৰাৰ এই কাৰ্যত সোণতলী,গৰৈমাৰী,ছমৰিয়াৰ,মালিবাৰী, বামুণগাঁও,শান্তিপুৰ আদি অঞ্চলৰ ৰাইজে সাহসক ভূয়সী প্ৰশংসা কৰে