মহিলা প্ৰশিক্ষকক চৰকাৰী আৱাসলৈ মাতি নি কি কৰিছিল বিজেপি নেতা তথা ক্ৰীড়া মন্ত্ৰীয়ে

এগৰাকী মহিলা প্ৰশিক্ষকে হাৰিয়ানাৰ ক্ৰীড়া মন্ত্ৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ মহিলাগৰাকীয়ে অভিযোগ কৰি কয় ক্ৰীড়া মন্ত্ৰী সন্দীপ সিঙে কেইবামাহ ধৰি হাৰাশাস্তি কৰি আহিছে। প্ৰথমে সিঙক পঞ্চকুলাৰ ষ্টেডিয়ামৰ জিমত লগ পাইছিল। সিঙে তেতিয়া সামাজিক মাধ্যমৰ জৰিয়তে যোগাযোগ কৰিছিল। এদিন সিঙে কিবা কামৰ অজুহাতত ঘৰলৈ মাতি কেবিনলৈ লৈ গৈছিল আৰু দুৰ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল।
সেই সময়ত মন্ত্ৰীৰ কোনো কৰ্মচাৰীয়ে সহায় কৰা নাছিল আৰু তাই ঘৰৰ পৰা পলায় কৰিবলগীয়া হৈছিল। সন্দীপে কৈছিল মহিলা প্ৰশিক্ষকক কৈছিল যে আপুনি মোক সুখী ৰাখক মই তোমাক সুখত ৰাখিম। সিদিনা এনে অত্যাচাৰৰ সন্মুখীন হৈ নিশা ডিজিপি আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবক ফোন কৰিছিল কিন্তু কোনেও সহাঁৰি দিয়া নাছিল।
অৱশ্যে, সন্দীপ সিঙে এই অভিযোগ মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰয়। মহিলাগৰাকীয়ে পচন্দৰ এটা পদ দাবী কৰিছিল আৰু পদ নোপোৱাৰ বাবে ভিত্তিহীন অভিযোগ উত্থাপন কৰে।