মণিপুৰৰ মইৰাঙত উৰিব উত্তৰ-পূৱৰ বৃহৎ পতাকা
নিউজ ডেস্কঃ মণিপুৰৰ মইৰাঙত উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ ওখ পতাকাদণ্ডৰ ওপৰত এখন বিশাল আকাৰৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। বিষ্ণুপুৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ এইচ বি শৰ্মাই কয় যে, এই পতাকাদণ্ডখনৰ উচ্চতা প্ৰায় ১৬৫ ফুট। তাৰোপৰি এইচ বি শৰ্মাই কয় যে, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত মইৰাঙত উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ ওখ পতাকাদণ্ডৰ ওপৰত আনুষ্ঠানিকভাৱে পতাকাখন আন্দোলন কৰা হ’ব। ইয়াৰোপৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইটযোগে কয় যে,উত্তৰ-পূৱ ভাৰতৰ ভিতৰত আটাইতকৈ ওখ জাতীয় পতাকাখন মণিপুৰৰ মৌৰাঙত উত্তোলন কৰা হ’ব। লগতে তেঁও কয় যে,”এইটো এটা গৌৰৱৰ বিষয় যে আমি সফলতাৰে মইৰাঙত উত্তৰ-পূৱ ভাৰতৰ ভিতৰত আটাইতকৈ ওখ ফ্লেগপোলটো স্থাপন কৰিছো।”
উল্লেখ্য যে, ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঘটনা যি নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজে পোন প্ৰথমবাৰৰ বাবে ১৯৪৪ চনত ১৪ এপ্ৰিলত মইৰাঙত উত্তোলন কৰা হৈছিল।