Local, Vocal, Global

মণিপুৰত উন্নয়ণ প্ৰকল্প শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ উন্নয়ণৰ প্ৰতি বিজেপি নেতৃতাধীন কেন্দ্ৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে মণিপুৰত কেইবাটাও উন্নয়ণমূলক প্ৰকল্প উদ্ধোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে উন্নত পথ আন্তঃগাঠনিয়ে ৰাজ্যখনক কেনেদৰে সহায় কৰিব সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে, “যেতিয়া আমি ৰপ্তানিৰ কথা কৈছিলো,তেতিয়া কেৱল কেইখনমান চহৰ আৰু ৰাজ্যৰ কথা মনলৈ আহিছিল,কিন্তু ইণ্টিগ্ৰেটেড কাৰ্গো টাৰ্মিনেলৰ সৈতে আনকি মণিপুৰতো ৰপ্তানিৰ এক নতুন কেন্দ্ৰ হৈ পৰিব আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ সপোনত অৰিহণা যোগাব। লগতে তেঁও উত্তৰ-পূৱৰ যুৱতীসকলক প্ৰশংসা কৰি কয় যে, কমনৱেলথ গেমছ হওক বা অলিম্পিকেই হওক উত্তৰ-পূৱৰ যুৱতীসকলে নতুন ভাৰতৰ নতুন মনোভাৱক মূৰ্ত কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে, স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আন্দামানৰ মাউণ্ট হেৰিয়েণ্টক মণিপুৰ নাম দিয়া হৈছে।
           প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৮৫০ কোটি টকাৰ ১৩ প্ৰকল্প উদ্ধোধন কৰে আৰু প্ৰায় ২৯৫০ কোটি টকাৰ ৯টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লগতে তেঁও ১৭০০ কোটি টকাতকৈয়ো অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।