Local, Vocal, Global

ভয়াৱহ! ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটো ৰাজ্যত পুনৰ আক্ৰান্ত ২৭৯৬ গৰাকী। ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ২১৭৪ গৰাকী ৰোগীয়ে। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৪১৮ গৰাকী কামৰূপ (ম), ২৪৮ গৰাকী কামৰূপৰ, ২০৭গৰাকী ডিব্ৰুগড়, ৩০৭ গৰাকী কাছাৰ। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৮গৰাকীৰ।ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৭১,৭৯৫ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৪৯,৩৮৩ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৬৯ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২২,২৪০গৰাকী।
২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ৬১,৩১৮ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৪,৫৫ শতাংশ।