ভ্ৰাম্যমানৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ দেহাৱসান
নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ জীৱন নাট সামৰি চিৰদিনৰ বাবে পৃথিৱী এৰি গুচি গ’ল অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ অভিনেত্ৰী, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা অনুপমা ভট্টাচাৰ্য। ক’ভিডত আক্ৰান্ত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকাৰ পিছত গধূলি ৫.৩০ বজাত মৃত্যুক সাৱটি লয়। অভিনেত্ৰীগৰাকী বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হয় কিছুদিন দূৰ্বল হৈ আছিল যদিও তেঁওৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত নিশা ১০.৩০ বজাত তেঁওক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালত চিকিৎসাধীন কৰাৰ পিছত তেঁওৰ দেহত ক’ভিড -১৯ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে হাস্পটালখনৰ আই চি ইউত ভৰ্তি কৰা হয়। চিকিৎসকে তেঁওক সুস্থ কৰি তোলাৰ আপ্ৰাণ চেষ্টা চলাইছিল যদিও অৱশেষত ক’ভিডৰ সৈতে যুঁজি হাৰ মানিলে।৯৪ বছৰত মৃত্যুক সাৱটি লোৱা শিল্পীগৰাকীৰ বিয়োগত সমগ্ৰ অসমবাসী শোকত মৰ্মাহত হৈছে।