Local, Vocal, Global

ভূমি বিবাদক কেন্দ্ৰ কৰি মহানগৰীত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ১৮ ফ্ৰেব্ৰুৱাৰীঃ ভূমি বিবাদক কেন্দ্ৰ কৰি মহানগৰীৰ সাতগাঁও নৱাপাৰাত ভয়ংকৰ ঘটনা। দাৰে ঘপিয়াই এটা দুষ্ট চক্ৰই দুজন লোকক গুৰুতৰ ভাবে আহত কৰে। আহত লোক দুজন হৈছে মালতী শ্বাহা আৰু হৰি কলিতা। এই সংক্ৰান্তত আৰক্ষীয়ে দুজন ভূ মাফিয়াক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন হৈছে সাতগাঁও দলবাৰীৰ বাসিন্দা প্ৰফুল্ল বড়ো আৰু নৱাপাৰাৰ চিদ্দিক আলী।
উল্লখ্য যে, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া কামালুদ্দিন হাজৰিকাই ২০০৮ চনত সাতগাঁৱৰ  নৱাপাৰাত ২২৪১ দাগৰ আধা বিঘা মাটি ক্ৰয় কৰে। ইয়াৰ মাজতে ভূ মাফিয়া প্ৰফুল্ল বড়ো আৰু ছিদ্দিক অলিয়ে জালিয়াটি কৰি উক্ত ভূমি নিজৰ নামত নাম জাৰি কৰি দখল কৰে। এই লৈ আৰক্ষী বিষয়া গৰাকীৰ পৰিয়ালৰ লোকে আৰু ভূ মাফিয়াৰ দলটোৰ মাজত দা লৈ কটা কটি হয়। ফলত এগৰাকী মহিলা সহ দুজন লোক গুৰুতৰ ভাবে আহত হয়। আহত লোক দুজনক সংকজনক অৱস্থাত স্থানীয় হাস্পাতালত ভৰ্তি কৰায়। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া জনৰ পৰিয়ালে সাতগাঁও থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ ভিত্তিত আৰক্ষীয়ে দুই ভূ মাফিয়া প্ৰফুল্ল বড়ো আৰু ছিদ্দিক অলিক গ্ৰেপ্তাৰ কৰে।