Website Design: dastechnologies.in
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰাক উপত্যকাৰ জিলা সমূহত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে কেইবাজনো লোকৰ মৃত্যু হোৱাত গভীৰ শোক প্ৰকাশ কৰিছে।কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা প্ৰশাসনক উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে দুৰ্গত সকলৰ প্ৰতি সকলো ধৰণৰ সহায় সহযোগ আৰু উন্নত চিকিৎসা আগবঢ়াবলৈ তেওঁ নিৰ্দেশ দিয়ে ।
দুৰ্ঘটনাত মৃত্যূ হোৱা সকলৰ পৰিয়াললৈ অতি শীঘ্ৰে এক কালীন সাহায্য প্ৰদান কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে l