Website Design: dastechnologies.in
যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণ আৰু ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বৰপেটা জিলাত বিপদ সীমাৰ ওপৰেৰে বৈ আছে বেঁকী নৈৰ পানী ।বেঁকী নৈৰ বাঢ়নি পানীত প্লাৱিত এতিয়া ন ন অঞ্চল। ইতিমধ্যে এই বানপানীত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধ শতাধিক গাঁও জলমগ্ন হৈ পৰিছে। প্ৰতিটো ঘৰত সোমাইছে পানী।চৰ অঞ্চলত পশুধন সহিতে জলবন্দী বহু পৰিয়াল। বৰ্তমানেও বৰপেটা জিলা প্ৰশাসনে উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইফালে কলগাছিয়া-মুৱামাৰী গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰাত পথখন ইতিমধ্যে ছিঙি যাবলৈ আৰম্ভ কৰিছে । এই ক্ষেত্ৰত অতি সোনকালে বৰপেটা জিলা প্ৰশাসনক চৰ সমূহত জলবন্ধী হৈ থকা পৰিয়াল তথা পশুধন উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে ।