বৰপেটাত ধুমুহাৰ তাণ্ডৱত বৃদ্ধাৰ কৰুণ মৃত্যু

নিউজ ডেস্ক ২৭ এপ্ৰিল:- দক্ষিণ বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়াত প্ৰচণ্ড ধুমুহাৰ ফলত এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু হয়।
মৃত্যুৰ সময়ত বৃদ্ধাগৰাকীৰ বয়স আছিল ৭৫ মৈৰাদিয়া গাঁওৰ আন্না খাতুন নামৰ বৃদ্ধা গৰাকীয়ে সুলভ মূল্যৰ চাউল লৈ খোলাৱান্ধাৰ পৰা নিজ ঘৰ মৈৰাদিয়া উভতাৰ পথত প্ৰচণ্ড ধুমুহাৰ মুখামুখি হয়।
এই ধুমুহাত বতাহৰ গতিবেগ ইমানেই বেছি আছিল যে, বামত থকা এখন প্ৰকাণ্ড নাও উৰুৱাই বৃদ্ধা গৰাকীৰ ওপৰত পেলায়।
যাৰফলত ঘটনাস্থলীতে মৃত্যু হয় বৃদ্ধা গৰাকীৰ। এই ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত।
ইপিনে প্ৰচণ্ড ধুমুহাত মৈৰাদিয়া গাঁওৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে আৰু কৃষি পথাৰতো বিস্তৰ ক্ষতি সাধন কৰে বুলি জানিব পৰা গৈছে ।