Local, Vocal, Global

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু । মাত্ৰ ৫২ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লৈছে ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীয়ে।হঠাৎ শুকুৰবাৰে হেলেন মেকক্ৰৰীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অনুৰাগী সকলৰ লগতে বৃটিছ ছবি জগতত শোকৰ ছাঁ পৰিছে।উল্লেখ‍্য যে অভিনেত্ৰীগৰাকী দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।মৃত্যুৰ সৈতে দীৰ্ঘদিন ধৰি যুজঁ দিয়াৰ অন্তত শুকুৰবাৰে নিজ ঘৰতে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে হেলেনৰ ।