বৈবাহিক জীৱন অন্ত কৰিলে বিল গেটছ আৰু মেলিণ্ডা গেটছে
২৭ বছৰৰ বৈবাহিক জীৱন অন্ত কৰিলে বিল গেটছ আৰু মেলিণ্ডা গেটছে । তেওঁলোকৰ মতে, এই সম্পৰ্ক আগবঢ়োৱা আৰু তেওঁলোকৰ বাবে সম্ভৱ নহ’ব । দম্পতী হিচাপে তেওঁলোকে নতুনকৈ যে কিবা লাভ কৰিব তাকো বিশ্বাস নকৰে দুয়োগৰাকীয়ে ।
টুইটাৰত একত্ৰিতভাৱে বিচ্ছেদৰ ঘোষণা কৰিছে গেটছ ফাউণ্ডেছনৰ দুই কৰ্তা বিল আৰু মেলিণ্ডাই । ‘বহু চিন্তা আৰু আমাৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰাৰ পাছত আমি বৈবাহিক জীৱন সামৰণি মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’
১৯৮৭ত প্ৰথমবাৰ বিল আৰু মেলিণ্ডাই লগ পাইছিল ।সেই বছৰেই বিলৰ মাইক্ৰ’ছফ্ট সংস্থাত প্ৰডাক্ট মেনেজাৰ হিচাপে যোগ দিছিল মেলেণ্ডাই।সাত বছৰৰ প্ৰেমৰ অন্তত ১৯৯৪ত বিবাহ পাশত আৱদ্ধ হয় ।
দম্পত্তীহালৰ তিনিটা সন্তান । যুটীয়াভাৱে গেটছ ফাউণ্ডেছনৰ প্ৰতিষ্ঠা কৰে তেওঁলোকে । ২০০০ত ছিয়াটলত প্ৰতিষ্ঠিত সংস্থাটোৱে বিগত ২১ বছৰত কোটি কোটি ডলাৰ ব্যয় কৰিছে বিভিন্ন দেশক স্বাস্থ্য ক্ষেত্ৰত উন্নত কৰিবৰ বাবে ।
বিচ্ছেদৰ ঘোষণাত দাম্পত্যহালে লিখে, ‘বিগত ২৭ বছৰত তিনিটি সন্তানক ডাঙৰ কৰিছো আমি । এটা সংগঠনো প্ৰতিষ্ঠা কৰিছো, যিয়ে সমগ্ৰ বিশ্বৰ মানুহক স্বাস্থ্যকৰ জীৱন অতিবাহিত কৰাত সহায় কৰিব ।’ কিন্তু যুগ্ম জীৱন আগুলাই নিবলৈ একো নাই তেওঁলোকৰ ।