বৃহৎ জলবিদ্যুত প্ৰকল্পলৈ অশনিৰ সংকেত
নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰীঃ কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে বিগত সপ্তাহত গুৱাহাটীত উপস্থিত হৈ ঘোষণা কৰিছিল যে, চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰাই নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ প্ৰথমটো গোটৰ উৎপাদন আৰম্ভ কৰে। পৰ্যায়ক্ৰমে আৰু ৫টা গোটৰো উৎপাদনৰ কাম আৰম্ভ কৰা হ’ব। এই জলবিদ্যুত প্ৰকল্পৰ পাছতেই অসমৰ বাবে আহিছে অশনি সংকেত। অৰুণাচলত ইটোৰ পিছত সিটোকৈ জলবিদ্যুত নিৰ্মাণ কৰাৰ ফলতে ভয়াবহভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ইয়াৰপিছতেই অসমৰ বাবে অধিক চিন্তনীয় বিষয় হৈ পৰিছে। চিন্তিত এতিয়া সচেতন মহল।
২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলগীয়া নামনি সোৱনশিৰী প্ৰকল্পৰ ৮০ শতাংশতকৈয়ো অধিক কাম ইতিমধ্যে আৰম্ভ হৈ উঠিছে। ২০২৩-২৪ বৰ্ষৰ ভিতৰত এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব। এই বহু বিতৰ্কিত প্ৰকল্পটোৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশত একে সময়তে আৰু ৫টা বৃহৎ জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।