বিমানৰ ভিতৰত মহিলাৰ গাত প্ৰস্ৰাৱ কৰা শংকৰে জাৰি কৰিছে বিবৃতি, ক্ষতিপূৰণ দিয়া বুলি দাবী

বিমানৰ ভিতৰত মহিলাৰ গাত প্ৰস্ৰাৱ কৰা শংকৰে ঘটনা সন্দৰ্ভত বিবৃতি জাৰি কৰি বিষয়টো নিষ্পত্তি হোৱা বুলি দাবী কৰিছে। ক্ষতিপূৰণৰ ধন পেটিএমৰ জৰিয়তে দিয়া বুলিও দাবী কৰিছে শংকৰে। অভিযুক্ত শংকৰ মিশ্ৰাৰ অধিবক্তাই বিবৃতি জাৰি কৰিছে। দিল্লী আৰক্ষীয়ে শংকৰৰ সন্ধানত অভিান চলাি থকা বুলি জানিব পৰা গৈছে৷
নতুন দিল্লী-নিউয়ৰ্ক মাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাৰ সময়ত শংকৰে মতাল অৱস্থাত এগৰাকী বৃদ্ধৰ গাত প্ৰস্ৰাৱ কৰিছিল। এই অভিযোগক লৈ হুলস্থূল লাগে। অভিযুক্ত শংকৰে চাকৰি পৰ্ন্ত হেৰুৱাই। অভিযুক্ত শংকৰ আৰু মহিলাগৰাকীৰ মাজত হোৱা হোৱাটছএপৰ কথোপকথনো জাৰি কৰিছে৷ ইয়াৰ পৰা এইটো স্পষ্ট যে অভিযুক্তজনে ২৮ নৱেম্বৰত মহিলাগৰাকীৰ বেগ আৰু কাপোৰ পৰিষ্কাৰ কৰি দিছিল। শংকৰৰ অধিবক্তাই লগতে দাবী কৰে যে মহিলাগৰাকীয়ে ঘটনাক লৈ গভীৰভাৱে অসন্তুষ্ট দিও লিখিত অভিযোগ দাখিল কৰাৰ ইচ্ছা কৰা নাছিল।
মহিলাগৰাকীয়ে ২০ ডিচেম্বৰত এটা অভিযোগ দাখিল কৰিছিল৷ চতাৰ পূৰ্বে ২৮ নৱেম্বৰত মহিলাৰ সৈতে আলোচনা কৰিছিল শংকৰে৷ পেটিএমৰ জৰিয়তে ক্ষতিপূৰণ প্ৰেৰণ কৰিছিল। মহিলাৰ কন্যাই ঘটনাৰ প্ৰায় এমাহ পিছত ১৯ ডিচেম্বৰত ক্ষতিপূৰণৰ পৰিমাণ ঘূৰাই পঠিয়াইছিল। শংকৰে বিবৃতিত দাবী কৰে যে মহিলাগৰাকীৰ খং কেৱল এয়াৰ ইণ্ডিয়াৰ দ্বাৰা পৰিশোধ কৰা ক্ষতিপূৰণৰ ওপৰতহে।
বিবৃতিটোত কোৱা হৈছে যে ঘটনাটোৰ কোনো প্ৰত্যক্ষদৰ্শী নাই৷ কেবিন ক্ৰুয়ে জাৰি কৰা বিবৃতিত নিশ্চিত কৰিছে যে দুয়োপক্ষই আলোচনাৰ পিছত বিষয়টো সমাধান কৰাৰ সিদ্ধান্ত লয়। শংকৰৰ অধিবক্তাই এইটোও দাবী কৰিছিল যে ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।