বিবাহৰ পূৰ্বে যুৱক-যুৱতীয়ে সম্পৰ্ক গঢ়িলে লাভ হয় নে? নাতিনীৰ অনুষ্ঠানত জয়া

নাতিনীৰ পডকাষ্টলৈ গৈ জয়া বচ্চন ক’লে বহু কথা। এতিয়াৰ প্ৰেমৰ ওপৰত আলোচনাত জয়াই নাতিনী নব্যাৰ সন্মুখত বহু কথাই কয়। অমিতাভ বচ্চনৰ সহধৰ্মীনিয়ে বিবাহৰ পূৰ্বে যুৱক-যুৱতীয়ে শাৰীৰিক সম্পৰ্ক কৰা সন্দৰ্ভত মতামত দি কয় যে সম্পৰ্কত শাৰীৰিকভাৱে আঁতৰি থকাটো দীৰ্ঘ দূৰত্বৰ সম্পৰ্কৰ দৰে। জয়া বচ্চনে এই বিষয়ত মতামত প্ৰকাশ কৰি সম্পৰ্ক শক্তিশালী কৰি ৰাখিবলৈ এটা পৰিকল্পনাৰ দৰকাৰ বুলিও কয়। আনহাতে, বিবাহৰ আগতে শাৰীৰিক ঘনিষ্ঠতাৰ সৈতে ভাৰতীয় সমাজৰ বাধাৰ কথাও কয় জয়াই। বৰ্তমানৰ ধাৰণাৰ সৈতে একমত নহয়। বৰঞ্চ, এইটো ঠিক বিপৰীত। জয়াই কয় সম্পৰ্কত শাৰীৰিক ঘনিষ্ঠতাৰ গুৰুত্ব প্ৰকৃততে ক’ত আছে! বচ্চনে স্পষ্ট কয় যে ইজনৰ সিজনৰ সৈতে সম্পৰ্ক গঢ়াৰ পাছতো পাৰ্থক্য ৰৈ যায়৷
‘হোৱাট দ্য হেল নব্যা’ জয়া নাতিনীৰ সন্মুখত আধুনিক সমাজত সম্পৰ্কৰ সংজ্ঞাক লৈ বাৰ্তালাপ কৰে। সময় সলনি হৈছে। এই প্ৰজন্মৰ দম্পতীৰ হৈ ৭৪ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় এই প্ৰজন্মৰ ল’ৰা আৰু ছোৱালীসকলে তেওঁলোকৰ শাৰীৰিক ঘনিষ্ঠতাৰ বিষয়ে ঘৃণা অনুভৱ কৰাৰ কোনো অৱকাশ থাকিব নালাগে। সম্পৰ্কত ইজনে সিজনৰ ওচৰত থকাটো স্বাভাৱিক, যদি ঘনিষ্ঠতা থাকে, তেনেহ’লে সম্পৰ্ক শক্তিশালী হয়। বহুত যুৱতী আছে যিয়ে মুকলিকৈ ক’বলৈ সংকোচ বোধ কৰে। কাৰণ সমাজে বহুতো ধাৰণা কমাবলৈ বাধ্য কৰিছে।
জয়াই লগতে আৰু কয় যে এই যুগত থিয় হোৱাৰ বাবে শাৰীৰিক ঘনিষ্ঠতাৰ প্ৰয়োজন। অৱশ্যে আমাৰ সময়ত এই সুযোগ নাছিল। জয়াৰ স্পষ্ট কথা, সম্পৰ্কত অন্তৰংগতাৰ প্ৰয়োজন আছে যদিও কোনো সম্পৰ্ক স্থায়ী নহয়। প্ৰেম আৰু বুজাবুজি সম্পৰ্কৰ শেষ কথা। আইতা জয়া আৰি নাতিনীৰয়ে অনুষ্ঠানত সকলো কথা মুকলিকৈ কয়৷ শ্বেতা নব্যাৰ পডকাষ্টৰ প্ৰথম খণ্ডত অতিথি হিচাপে আহিছিল জয়া।