বিপিএফৰ উদ্যোগত বিটিচি চুক্তি দিৱস আন্দোলন
নিউজ ডেস্ক,১০ ফ্ৰেব্ৰুৱাৰীঃ আজি বড়োলেণ্ড দিৱস।১৯৬৭ চনৰ পৰাই পৃথক বড়োলেণ্ডৰ দাবী কৰি আহিছিল যদিও ১৯৮৭ চনতহে উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ নেতৃত্বত জংগী আন্দোলন গঢ় লৈ উঠিছিল। ‘Divide Assam 50-50’ শ্ল’গানেৰে তেঁওলোকে পৃথক ৰাজ্যৰ দাবীটোক অধিক তীব্ৰ কৰি তুলিছিল। অৱশেষত ১৯৯৩ চনত বড়ো চুক্তিৰ স্বাক্ষৰ কৰা হৈছিল আৰু বড়ো স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল।কিন্তু বড়ো চুক্তিয়ে বড়ো নেতৃত্বক আশাহত কৰি তোলে।
২০০৩ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত অৰ্থাৎ কেন্দ্ৰীয়, অসম আৰু বি এল টিৰ মাজত ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰ আজিৰ দিনটোতে হৈছিল।বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি বি টি চি সচিবালয় প্ৰাঙ্গনত বড়োফাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনোৱাৰ পাছত বীৰ শ্বহীদসকলক শ্ৰদ্ধা জনায় বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীসহ প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ম আৰু বিপিএফ নেতাকৰ্মীয়ে।