Local, Vocal, Global

বিতৰ্কিত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ, অসমলৈ অনাৰ দায়িত্ব অৰ্পণ গুৱাহাটীৰ আৰক্ষী আয়ুক্তক

123

বৰ অসমৰ বৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফা সন্দৰ্ভত নিকৃষ্ট মন্তব্য কৰি অসমীয়াৰ ভাৱাবেগত আঘাত হানিব খোজা পশ্চিমবংগৰ বিতৰ্কিত বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ বিতৰ্কিত গৰ্গক গ্ৰেপ্তাৰ কৰি শীঘ্ৰেই অসমলৈ আনিব লাগে। পশ্চিমবংগৰ বিতৰ্কিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ আজিয়েই পশ্চিমবংগলৈ যোৱাৰ বাবেও আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে। স্মৰ্তব্য যে লাডাখত ভাৰত-চীন সীমা বিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰ মাজতে স্বৰ্গদেউ চাওলুং চ্যুকাফা চীনা ব্যক্তি বুলি বিতৰ্কিত টুইট কৰিছিল গৰ্গই। তদুপৰি অসম আক্ৰমণ কৰাৰ উদ্দেশ্যেহে চ্যুকাফা অসমলৈ অহা বুলিও গৰ্গই অসমীয়াৰ বাবে অপমানসূচক মন্তব্য কৰিছিল।

ইফালে বনশ্ৰী গগৈ নামৰ গুৱাহাটীৰ এগৰাকী অধিবক্তায়ো সততে অসম আৰু অসমীয়া সন্দৰ্ভত বিভিন্ন আপত্তিজনক মন্তব্য কৰি অহা গৰ্গ চেটাৰ্জীৰ বিৰূদ্ধে ৰুজু কৰিছে এটা গোচৰ।