Local, Vocal, Global

বানত উটি অহা চাৰিটা পহু তেজপুৰত উদ্ধাৰ

114

চৌদিশে বানৰ বিভীষিকা । জীৱ-জন্তুৰ অৱস্থা নোহোৱা হৈছে । বানৰ ফলত ওখ ঠাই বিচাৰি বুঢ়াচাপৰি আৰু কাজিৰঙাৰ পৰা আহি জনাঞ্চলত আশ্ৰয় লবলৈ অহা চাৰিটা পহু তেজপুৰৰ কলিবাৰীত ৰাইজে ব্ৰহ্মপুত্ৰৰ বানত উদ্ধাৰ কৰে । তেজপুৰ কলিবাৰীৰ ৰাইজে উদ্ধাৰ কৰা পহুকেইটা বন বিভাগে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীৰ জৰিয়তে তেজপুৰৰ ভোমোৰাগুৰি বনাঞ্চলত মুকলি কৰি দিয়ে ।