বাট হেৰুৱাই ঘন অৰণ্যত ১৩ ঘণ্টা বাঘৰ সৈতে কটালে ৭ বছৰীয়া শিশুৱে

৭ বছৰীয়া শিশুৱে পথ হেৰুৱাই ঘন অৰণ্যত নিশা কটোৱাৰ ঘটনাই সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। ওৰে ৰাতি অৰণ্যত কটোৱাৰ অন্তত পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে ৭ বছৰীয়া শিশুক৷ অন্ধ্ৰপ্ৰদেশৰ কাডাপা জিলাৰ কালভাকুন্ত সংৰক্ষিত বনাঞ্চলত মঙলবাৰে সাত বছৰীয়া সুমন্ত সন্ধানহীন হৈছিল। স্কুলৰ পৰা উভতি অহাৰ পথত পিতৃক বিচাৰি গৈছিল সুমন্ত। সুমন্তই পিতৃক সাক্ষাৎ কৰি অৰণ্যৰ মাজেৰে উভতি অহাৰ সময়ত পথভ্ৰষ্ট হৈ ঘন অৰণ্যত সোমাই পৰে৷
পুত্ৰঘৰলৈ উভতি নহাত পৰিয়াল চিন্তিত হয়। সন্ধিয়া ৭ বজালৈ অপেক্ষা কৰি আৰক্ষীক খবৰ দিয়ে। পৰিয়ালটোৰ এজন আত্মীয় সেনাবাহিনীত কাম কৰে। সন্ধানহীন শিশুৰ বিষয়ে সেনাত কাম কৰা লোকজনক অৱগত কৰা হয়। আৰক্ষী আৰু বন বিভাগৰ বিষয়াই সুমন্ত বিচাৰি উলিয়াবলৈ বনাঞ্চলত অভিযান আৰম্ভ কৰে। কিন্তু ওৰে ৰাতি চলোৱা অভিযানত উদ্ধাৰ কৰিব নোৱাৰিলে৷
কিন্তু সকলোতকৈ আশ্বৰ্য্যকৰ কথা এয়া যে কালভাকুন্ত সংৰক্ষিত বনাঞ্চল নাহৰফুটুকী নিতৌ বিচৰণ কৰাত আতংকিত হৈ আছে নাগৰিক। বাঘ অৰণ্যত আছিল বুলি বিশ্বাস কৰা হৈছিল। ৭ বছৰীয়া সুমন্ত অৰণ্যত অন্তৰ্ধান হোৱাত উদ্বেগজনক পৰিবেশে বিৰাজ কৰে৷
বুধবাৰে পুৱা প্ৰায় ৫ বাজি ৩০ মিনিটত সুমন্তক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অৰণ্যত ম’হ বিচাৰি থাকোতে দুজন যুৱকে জোপোহাত সুমন্তৰ মাত শুনিবলৈ পায়৷ শিশুটোক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। সুমন্তে ১৩ ঘণ্টা অৰণ্যত কটাই। আৰক্ষীয়ে জনোৱা অনুসৰি ঠাণ্ডাত হাত আৰু ভৰি প্ৰায় অচল হৈ পৰিছিল। সোনকালে উদ্ধাৰ কৰি খাদ্য আৰু পানী দিয়া হৈছিল। শিশুটো পুৱা ৭ বজাৰ ভিতৰত পিতৃ আৰু মাতৃক গটাই দিয়া হয়। শাৰীৰিক অৱস্থা স্থিৰ।