Local, Vocal, Global

বাজেট-২২ত শিক্ষাখণ্ডৰ বাবে পাঁচটা গুৰুত্বপূৰ্ণ হাইলাইট

নিউজ ডেস্ক, ২ ফ্ৰেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ ভাষণত কয় যে, ক’ভিড-১৯ মহামাৰীৰ ফলত বিদ্যালয়সমূহ বন্ধ হোৱাত বিশেষকৈ গ্ৰাম্য অঞ্চল, অনুসূচিত জাতি আৰু অনুসূচীত জনজাতিৰ শিশু আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিশুসকলে প্ৰায় ২ বছৰ আনুষ্ঠানিক শিক্ষা হেৰুৱাব লগা হৈছিল।যিহেতু ইয়াৰ অধিকাংশই চৰকাৰী বিদ্যালয়ৰ শিশু। বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে,PM eVIDYA আঁচনিৰ ‘এটা শ্ৰেণী-এটা টিভি চেনেল’ কাৰ্যসূচীত পূৰ্বৰ ১২ৰ পৰা ২০০ টা টিভি চেনেললৈ সম্প্ৰসাৰণ কৰা হ’ব।
                   লগতে তেঁও উল্লেখ কৰে যে, বৃত্তিমূলক পাঠ্যক্ৰমত গুৰুত্বপূৰ্ণ চিন্তাৰ দক্ষতা বৃদ্ধি কৰিবলৈ, সৃষ্টিশীলতাক স্থান দিবলৈ,বিজ্ঞান আৰু গণিতত ৭৫০ টাকৈ ভাৰ্চুৱেল পৰীক্ষাগাৰ আৰু সৰল শিক্ষণ পৰিৱেশৰ বাবে ৭৫ টা দক্ষ ই-লেব ২০২২-২৩ বৰ্ষত স্থাপন কৰা হ’ব। ডিজিটেল মাধ্যমেৰে শিক্ষকৰ দ্বাৰা ইণ্টাৰনেট, ম’বাইল ফোন, টেলিভিশ্যন আৰু ৰেডিঅ’ৰ জৰিয়তে সকলো কথিত ভাষাত উচ্চ মানদণ্ডৰ সমলসমূহ প্ৰদান কৰা হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ বাবে এক প্ৰতিযোগীতামূলক প্ৰণালী স্থাপন কৰা হ’ব,যাতে তেঁওলোকক ডিজিটেল শিক্ষাদানৰ জৰিয়তে কৰ্মমূখী কৰা আৰু উন্নত শিক্ষণৰ ফলাফল সহজ কৰিব পৰা যায়।