বাঘজান, ধৰ্মেন্দ্ৰ প্ৰধানৰে সোনোৱালৰ টেলিফোনিক বাৰ্তালাপ

বাঘজান তৈলখাদৰ প্ৰাকৃতিক গেছ নিৰ্গমণ বন্ধ কৰাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক টেলিফোনিক বাৰ্তালাপযোগে আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ সমাধানৰ বাবে বিশেষজ্ঞ নিযুক্তি দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অনুৰোধ জনাইছে । উল্লেখযোগ্য যে যোৱা ২৭ মে’ৰ পৰাই অইল ইণ্ডিয়া লিমিটেডৰ এই তেল খাদটোৰ পৰা প্ৰাকৃতিক গেছৰ নিৰ্গমণ হৈ আছে। অইল ইণ্ডিয়াই পদক্ষেপ লৈছে যদিও কাৰ্য্যকৰী হোৱা নাই। মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সোনকালেই ছিংগাপুৰৰ পৰা বিশেষজ্ঞ অনাৰ আশ্বাস দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্রীয়ে।