বনকৰা কিশোৰীৰ ওপৰত মালিকনীৰ অত্যাচাৰ, গতিয়ালে তিনিমহলীয়া অট্টালিকাৰ পৰা…

নিউজ ডেস্ক ২৬ এপ্ৰিল:- ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এজন লোকৰ পত্নীয়ে চলালে বনকৰা কিশোৰীৰ ওপৰত অত্যাচাৰ, তিনিমহলীয়া অট্টালিকাৰ পৰা বনকৰা কিশোৰীক গতিয়ালে মালিকনীয়ে ।
মহিলাগৰাকীৰ স্বামী ভাৰতীয় সেনাবাহিনীত কৰ্মৰত ।
কৰ্মসুত্ৰে স্বামী থাকে ৰাজস্থানত ।
তেনে এখন ঘৰতে মালিকনীয়ে অতি নিৰ্দয় ভাৱে অত্যাচাৰ কৰে বনকৰা কিশোৰী ওপৰত। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বেলতলা জয়ানগৰত ।
এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰীক তিনিমহলীয়া অট্টালিকাৰ পৰা মালিকনীয়ে তললৈ গতা মাৰি পেলাই দিয়ে ।
যাৰ ফলত কিশোৰীগৰাকীয়ে হাত, বুকু, পিঠি আৰু ডিঙিত গুৰুতৰ ভাবে আঘাত পায়। লগে লগে অন্য লোকে কিশোৰী গৰাকীক উদ্ধৰ কৰি এজাইল হাস্পতালত ভৰ্তি কৰায়।
কিন্তু কিশোৰী গৰাকীৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে কিশোৰী গৰাকীক। ভুক্তভোগী কিশোৰী গৰাকীৰ ঘৰ টংলাৰ হাটীগড়ত।
বৰ্তমান বশিষ্ঠ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি ঘৰৰ গৰাকী বনশ্ৰী চৰকাৰ তথা তেওঁৰ ভগ্নীক থানালৈ লৈ গৈছে।
উল্লেখনীয় বিষয় যে, জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকী নিজ ঘৰলৈ যাবলৈ বিচৰা বাবে প্ৰায়ে কিশোৰী গৰাকীৰ ওপৰত অত্যাচাৰ চলাই থকা হৈছিল । তাৰ উপৰি আজি পেলাই দিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি ভুক্তভোগী কিশোৰীৰ।
লগতে কিশোৰী গৰাকীক কাম কৰা বাবদ মাত্ৰ এহেজাৰ টকা প্ৰদান কৰে বুলি জনায় কিশোৰী গৰাকীয়ে ।