বঙাইগাঁৱত পথ দূৰ্ঘটনাত অগ্নিদগ্ধ হৈ জ্বলিল দুখনকৈ বাহন

নিউজ ডেস্ক, ১৭ ফ্ৰেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ বাখলগাঁৱত নিশা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হৈছে। ছুইফ্ট ডিজায়াৰ আৰু ৱাগনাৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল আৰু এই সংঘৰ্ষৰ ফলত ৰাজপথত দপদপকৈ জ্বলি উঠে দুয়োখন বাহন। এই বাহনত জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোক নিহত হোৱাৰ লগতে আহত হয় চাৰিজন যাত্ৰী।
বঙাইগাঁৱৰ পৰা উত্তৰ শালমৰাৰ দিশলৈ আহি থকা এখন ছুইফ্ট ডিজায়াৰ আৰু বিপৰীত দিশৰ পৰা অহা ৱাগনাৰ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দূৰ্ঘটনাত ৱাগনাৰখনৰ ভিতৰত আবদ্ধ চালকজন জীৱন্তে অগ্মিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়। আনহাতে ছুইফ্টখনত থকা আহত আৰোহী চাৰিগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আহত আৰোহীকেইজন হ’ল- কাৰ্তিক কোচ, মনোজ কোচ, ৰাজেশ গাম, দিবাকৰ শ্বাহ। আহত যাত্ৰীকেইজনৰ নাম ঘৰ পশ্চিম গাৰোপাহাৰত।বঙাইগাঁৱত বিয়া খাই ঘৰলৈ গৈ থকাৰ সময়তে দূৰ্ঘটনাত পতিত হয় বাহনখন। ইফালে জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হোৱা চালকজনৰ বৰ্তমানলৈকে পৰিচয় পোৱা নাই।