Local, Vocal, Global

ফটকা নিৰ্মাণ কাৰখানাত ভয়ংকৰ বিষ্ফোৰণ-৭ জনৰ মৃত্যু-১০ জন গুৰুতৰ ভাৱে আহত

নিউজ ডেস্ক, ২২ ফ্ৰেব্ৰুৱাৰীঃ আজি দুপৰীয়া ভাগত ফটকা নিৰ্মাণ কাৰখানাত এক ভয়ংকৰ বিষ্ফোৰণ সংঘটিত হয়। এই ঘটনা সংঘটিত হিমাছল প্ৰদেশৰ উনা জিলাত। এই ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ ৭ গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু ১০ গৰাকী লোকে গুৰুতৰভাৱে আহত হয়।
মৃত্যু হোৱা লোকসকলৰ ভিতৰত এটি ৩ বছৰীয়া কন্যা শিশুও আছিল বুলি জানিব পৰা গৈছে। বিষ্ফোৰণৰ সময়ত মাতৃৰ সৈতে আছিল শিশুটি। আহতসকলক অতি সংকটজনক অৱস্থাত নিকটৱৰ্তী হাস্পটালত ভৰ্তি কৰোৱা হয়। এই বিষ্ফোৰণত মৃত্যু হোৱা প্ৰত্যেক পৰিয়াললৈ ২ লাখ টকাকৈ প্ৰদান কৰিব আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়োৱাৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।