Local, Vocal, Global

প্ৰেমৰ দিনাই নিজ প্ৰেয়সীক হত্যা, ফিজ্ৰত উদ্ধাৰ প্ৰেয়সীৰ খণ্ডিত মৃতদেহ…

ডিজিটেল ডেস্ক-পুনৰ লাভজেহাদৰ বলি হ’ল এগৰাকী যুৱতী, এটা নৃশংস হত্যা কাণ্ডৰ সাক্ষী হ’ল সমগ্ৰ দিল্লী বাসী৷ এখন ধাবাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ, সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান চাঞ্চল্যই বিৰাজ কৰিছে দিল্লীৰ নজফগড় এলেকাত৷ইতিমধ্যে ধাবাখনৰ মালিক গৰাকীক জিমাত লয় আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধাবা খনৰ স্বতাধিকাৰী গৰাকীৰ নাম হৈছে চাহিল গেহলট, ধাবাৰ স্বতাধিকাৰী চাহিল গেহলটৰ বিৰুদ্বে প্ৰেয়সীক হত্যা কৰি প্ৰমান লুকুৱাবৰ বাবে ফ্ৰিজত সোমোৱাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে৷

তথ্য অনুসৰি প্ৰায় দুদিন পূৰ্বে হত্যা কৰা হৈছিল যুৱতী গৰাকীক সংবাদ সংস্হা এএনআই য়ে প্ৰকাশ কৰা মতে চাহিলৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত আছিল যুৱতী গৰাকী
কিন্তু প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো আন এগৰাকী যুৱতীক বিয়া কৰাবলৈ মন মেলিছিল চাহিলে, এই সমগ্ৰ বিষয়টোক লৈ প্ৰেসীয়ে আপত্তি প্ৰৰ্দশন কৰিছিল,যাৰ পৰিণতিস্বৰূপে এই হত্যাকাণ্ড সংঘটিত কৰে চাহিলে৷