Local, Vocal, Global

প্ৰসিদ্ধ গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ীৰ দেহাৱসান

নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰী: ভাৰতীয় সংগীত জগতৰ বাবে দুঃখবৰ। প্ৰসিদ্ধ গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ীৰ দেহাৱসান । বুধবাৰে পুৱাৰ ভাগত মুম্বাইৰ জুহুৰ ক্ৰিটি কেয়াৰ হাস্পতালত মৃত্যু হয় শিল্পী গৰাকীৰ। ৬৯ বছৰ বয়সত মৃত্যু হয় প্ৰসিদ্ধ গায়ক গৰাকীৰ।

প্ৰসিদ্ধ গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ীৰ দেহাৱসান


উল্লেখ্য যে বাপ্পি লাহিড়ী কিছু দিন ধৰি অসুস্থ হৈ আছিল আৰু ক্ৰিটি কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। বিগত বছৰত তেঁওৰ দেহত ধৰা পৰিছিল ক’ভিডত উপস্থিতি। সোণৰ অলংকাৰ আৰু ক’লা চশমা আছিল বাপ্পী লাহিড়ী আন এক পৰিচয়। বাপ্পী লাহিড়ীৰ প্ৰকৃত নাম আছিল আলোকেশ লাহিড়ী। বলীউডৰ ৰক ষ্টাৰ গায়ক বাপ্পী লাহিড়ীৰ মৃত্যুত সমগ্ৰ বলীউডৰ লগতে দেশজুৰি শোকৰ ছাঁ পৰিছে।

প্ৰসিদ্ধ গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ীৰ দেহাৱসান