Local, Vocal, Global

প্ৰধানমন্ত্ৰী মোডীয়ে দিব্যাংগসকলক ভগৱানৰ মৰ্যাদা দিছেঃ হিমন্ত বিশ্ব শৰ্মা

0 64


আজি আন্তৰ্জাতিক দিব্যাংগদিৱস। অসম চৰকাৰৰ সমাজৰকল্যাণ বিভাগে আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত লোৱা হৈছে বিশেষ কাৰ্যসূচী। এই কাৰ্যসূচীৰ উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অনন্ত নেওগ। অনুষ্ঠানত বহু কেইগৰাকী দিব্যাংগই সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই what should I do in a disaster নামৰ এখন হাতপুথি উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ৬খন দিব্যাংগ বিদ্যালয়ত এই হাতপুথিৰ জৰিয়তে শিক্ষা দান কৰা হ’ব। ভগৱানৰ কৃষ্ণৰ যিমান, সেইসকলক আমি দিব্যাংগ বুলি কওঁ। এই মৰ্যাদা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
ইয়াৰোপৰি তেওঁ কয়, দিব্যাংগসকলক চাকৰিৰ ক্ষেত্ৰত ৩%ৰ পৰা ৪% লৈ বৃদ্ধি কৰা হৈছে। যোৱা ১ ডিচেম্বৰৰ পৰা সঞ্চালকালয় মুকলি হৈছে।
দিব্যাংগসকলৰ সংগঠনসমূহে যি উপদেশ দিছে সেই সম্পৰ্কে কেবিনেটত আলোচনা কৰা হব।

Leave A Reply

Your email address will not be published.