Local, Vocal, Global

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ১০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হব

 নিউজ ডেস্ক: অহা তিনিটা বছৰত নিৰ্মাণ হব প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ১০০০ কিলোমিটাৰ পথ, অসমৰ পথ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কিছুমান পদক্ষেপ।কালি কেবিনেটে পথ নিৰ্মাণৰ বাবে প্ৰায় ২০০০ কোটি টকা মুকলি কৰিবলৈ অনুমোদন জনোৱাৰ পাছত আজি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে গুৱাহাটীত বৈঠকত মিলিত হয় বিভাগটোৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।বৈঠকত বিভাগটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ।সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অহা তিনিটা বছৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১০০০ কিলোমিটাৰ পথ নিৰ্মাণ হব।