Local, Vocal, Global

প্ৰতি লিটাৰ পানীৰ মূল্য ১৩৫ টকা, বিশ্বৰ ভিতৰতেই পানীৰ সৰ্বাধিক ব্যয়বহুল চহৰৰূপে চিহ্ণিত হৈছে NORWAY ৰ OSLO চহৰ

বিশ্বৰ ভিতৰতেই পানীৰ দাম সৰ্বোচ্চ হোৱা চহৰ কেইখনৰ ভিতৰত NORWAY ৰ OSLO চহৰখনত প্ৰতি লিটাৰ পানীৰ মূল্য $ 1.85 অৰ্থাৎ ভাৰতীয় মূল্য অনুসৰি ১৩৪.৫০ টকা। ট্ৰেভেল টেক কোম্পানী HOLIDU য়ে ১২০ খন চহৰৰ ওপৰত চলোৱা জৰিপৰ প্ৰতিবেদন BLOOMBERG এ দাখিল কৰা মতে NORWAY ৰ OSLO চহৰখনে বিশ্বৰ ভিতৰতেই পানীৰ সৰ্বাধিক ব্যয়বহুল চহৰৰূপে চিহ্ণিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিশ্বৰ ১২০ খন চহৰৰ ভিতৰতেই বাংগালুৰু চহৰত পানীৰ মূল্য আটাইতকৈ কম বুলি সমীক্ষাৰ পৰা জানিব পৰা গৈছে ৷ বেংগালুৰুত প্ৰতিলিটাৰ পানীৰ মূল্য $ O.13 অৰ্থাৎ ভাৰতীয় মুল্য অনুসৰি ৯.৪৫ টকা৷