পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা মোৱাইলৰ বিভিন্ন সেৱাৰ মূল্য
নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : পুনৰ বৃদ্ধি হ’ব পাৰে মোৱাইলৰ বিভিন্ন সেৱাৰ মূল্য । ভাৰতী এয়াৰটেলৰ মতে ২০২২ চনত সকলো ধৰণৰ মোৱাইল সেৱাৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা। কোম্পানীৰ অধিকাৰীয়ে কয় যে এয়াৰটেলে মাচুল বৃদ্ধি কৰাৰ কাৰণে কুন্ঠাবোধ নকৰে। ২০২১ চনৰ নৱেম্বৰ মাহত এয়াৰটেলে মোৱাইল সেৱাৰ হাৰ ১৮% ৰ পৰা ২৫ % লৈ বৃদ্ধি কৰিছিল। বৰ্তমান কোম্পানীটোৱে প্ৰতিজন গ্ৰাহকৰ গড় ৰাজহ ২০০ টকালৈ আনিব বিচাৰে।
উল্লেখযোগ্য যে ভাৰতত এয়াৰটেলৰ নেটৱৰ্কত প্ৰতিজন গ্ৰাহকৰ ডাটাৰ ব্যৱহাৰ ১১.৭% লৈ বৃদ্ধি হৈ ১৬.৩৭ গিগাবিট (জিবি) ৰ পৰা ১৮.২৮ গিগাবিট (জিবি) হৈছে।