পুনৰ ধৰ্ষণ কাণ্ড, ১২ বছৰীয়া শিশুক ধৰ্ষণ অভয়াপুৰীত

নিউজ ডেস্ক ,২৬ এপ্ৰিল:- যিমানে সংবাদ মাধ্যমত ধৰ্ষণকাণ্ডক লৈ বাতৰি সম্প্ৰচাৰ হৈ আহিছে সিমানে যেন এনেধৰণৰ জঘন্য কাণ্ড বৃদ্ধি পাবলৈ ধৰিছে ।
পুনৰবাৰ ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিলে এইবাৰ অভয়াপুৰীৰ এজন লম্পটে ।
অভয়াপুৰীৰ পালপৰাত সংঘটিত হৈছে এই ধৰ্ষণকাণ্ড ,১২ বছৰীয়া শিশুক ধৰ্ষণ কৰি ৰাইজৰ আগত ধৰা পৰে ধৰ্ষণকাৰীয়ে ।
শিশু ধৰ্ষণকাৰীক ৰাইজে ধৰি বান্ধি দিলে উত্তম মধ্যম। লাইটৰ খুটাত বান্ধি উত্তেজিত ৰাইজৰ ঔকিল।
উল্লেখনীয় যে, এই জঘন্য কাণ্ড সংঘটিত কৰে ৪৫ বছৰীয়া হৰেণ দাস নামৰ এজন ব্যক্তিয়ে। ১২ বছৰীয়া কিশোৰীক বলপূৰ্বক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ ব্যক্তিজনৰ বিৰুদ্ধে ।
ধৰ্ষণকাৰী গৰাকীক ৰাইজে উত্তম মধ্যম দিয়াৰ পাছত অভয়াপুৰী আৰক্ষীক ঘটনা সম্পৰ্কে খবৰ দিয়ে। খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ ধৰ্ষণৰ অভিযোগ থকা হৰেন দাসক কৰায়ত্ত কৰি থানালৈ লৈ যায়।