পুনৰ অসুস্থ কোকিলণ্ঠী লতা মংগেছকাৰ
নিউজ ডেস্ক,৫ ফ্ৰেব্ৰুৱাৰীঃ কণ্ঠশিল্পী লতা মংগেছকাৰ ৰ অৱস্থা সংকটজনক হৈ পৰিছে। ৯২ বছৰীয়া প্ৰসিদ্ধ গায়িকাগৰাকী ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হয়। ক’ৰণা আৰু নিমোনিয়াত আক্ৰান্ত হোৱাৰ পিছত তেঁওক ৮ জানুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
বিগত মাহৰ পৰাই মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈছিল প্ৰসিদ্ধ গায়িকাগৰাকী। ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰতিত সম্ধানীয়ে কয় যে, কণ্ঠকিল্পী লতা মংগেছকাৰৰ অৱস্থা পুনৰ অৱনতি ঘটিছে আৰু তেঁওক ভেণ্টিলেটৰত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।