পুনৰবাৰ কভিডে গ্ৰাস কৰিব নেকি সমগ্র দেশ
ডিজিটেল ডেস্কঃ বিগত দুটা বছৰে কভিডে গ্ৰাস কৰিছিল সমগ্র ভাৰত। লকডাউনৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাবস্থা এতিয়াও দূৰ হোৱা নাই দেশবাসীৰ পৰা। তেনে এক সময়ত পুনৰবাৰ অৰ্থাৎ ২০২২ বৰ্ষতো বিদায় নহ’ব নেকি কভিড মহামাৰী। এই প্ৰশ্নই ইতিমধ্যে চিন্তিত কৰি তুলিছে একাংশ খাটি খোৱা জনতাক।
তেওলোকৰ এটাই চিন্তা পুনৰবাৰ লকডাউনৰ দৰে পৰিস্থিতি হলে কি কৰিব, কি খাই জীয়াই থাকিব? কাৰণ ইতিমধ্যেই সমগ্র দেশতে কভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰণৰ অৱস্থিতি পোৱা গৈছে। কভিডৰ নতুন এই ভেৰিয়েন্টৰ গণসংক্ৰমনৰ সংখ্যা বৃদ্ধি পোৱা বাবে বি চি চি আইয়ে স্থগিত ৰাখিছে ৰঞ্জীট্ৰফীসহ আগশাৰীৰ কেইবাখনো প্ৰতিযোগিতা।
উল্লেখ্য যে ১৩ জানুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল ৰঞ্জীট্ৰফী।
আনহাতে গুৱাহাটীৰ আই আই টিতো কভিডৰ গণসংক্ৰমন। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিডৰ উপস্থিতি। যাৰ বাবে পুনৰবাৰ খাটি খোৱা সাধাৰণ জনতাই চিন্তাত পৰিছে।