পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা…

ডিজিটেল ডেস্কঃ-পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা।পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা,অৰূপ ডেকা আৰু ধনটি ডেকা ।আজি আদালতত হাজিৰ কৰোৱা হৈছিল ডাবল মাৰ্ডাৰৰ ৩ অভিযুক্তক।পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাবল মাৰ্ডাৰ কাণ্ডৰ খলনায়িকা বন্দনা কলিতাক।
ধন সম্পত্তিৰ লালসাই কিমান ভয়ংকৰ হ’ব পাৰে।তাৰে প্ৰমাণ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনা।বন্দনা কলিতাই অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক।হত্যা কৰি মেঘালয়ত অৰূপ আৰু ধনটিৰ সহযোগত পলিথিনত ভৰাই পেলাই দিছিল মৃতদেহ।