পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি শিলচৰ- কালাইন সংযোগী পথ অৱৰোধ ৷
স্কুল ছাত্ৰক দ্ৰুতবেগী বাহনে মহটিয়াই নিয়াৰ ঘটনাৰ প্ৰতিবাদত ছাত্ৰ- ছাত্ৰী সহ স্থানীয় ৰাইজৰ পথ অৱৰোধ ৷ কাছাৰ জিলাৰ তিনঘৰি অঞ্চলত পথ অবৰোধ কৰি ৰাখিছে ক্ষুব্দ ছাত্ৰ- ছাত্ৰী সহ স্থানীয় ৰাইজে ৷ মিয়া এমই স্কুলৰ ছাত্ৰ মাহমদুল হাছানক মহটিয়াই নিছিল শিলচৰ অভিমুখী দ্ৰুুতবেগী অল্টো AS 12C 7788 নম্বৰৰ বাহনে ৷
ঘটনাত গুৰুভাৱে আঘাত প্ৰাপ্ত হয় মাহমদুল ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসা চলিআছে ছাত্ৰজনৰ ৷ ৷প্ৰতিবাদত স্কুলৰ সম্মুখত শিলচৰ- কালাইন সংযোগী পথ অৱৰোধ কৰি ৰাখে ছাত্ৰ- ছাত্ৰী সকলে ৷