Local, Vocal, Global

পথ দুৰ্ঘটনাত আহত “বচপন কা প্যাৰ”খ্যাত সহদেৱ দিৰদো

গুৱাহাটী:পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে “বচপন কা পিয়াৰ”গীতেৰে লাখ লাখ ভাৰতীয় ৰ বুকুত ঠাই দখল কৰা সহদেৱ দিৰদু।ছত্তীশগড়ৰ চুকুমা জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত মূৰত গুৰুতৰ আঘাত পায় সহদেৱে।তেওঁক বৰ্তমান জগদলপুৰৰ ডিম্ৰপাল চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

জানিব পৰা মতে,সহদেৱে তেওঁৰ বন্ধুৰ সৈতে বাইকে ৰে ছবৰী নগৰ অভিমুখে গৈ আছিল।আৰু তেতিয়া দুৰ্ঘটনাত আহত হয় সহদেৱ দীৰদো আৰু তেওঁৰ বন্ধু।এতিয়া সহদেৱ দীৰদো সংকট মুক্ত অৱস্থা আছে বুলি জানিব পৰা গৈছে।