Local, Vocal, Global

পথাৰ এৰি জলসিঞ্চন বিভাগৰ কাৰ্যালয় পালে কৃষক

ডুমডুমা, ১২ জুন : পানীৰ অভাৱত কৃষকৰ হাহাকাৰ ! পথাৰ এৰি জলসিঞ্চন বিভাগৰ কাৰ্যালয় পালে কৃষক । ফিল’বাৰীত অঁচল জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি ।

ফিল’বাৰী অঞ্চলৰ ৰাইজৰ বাবে ১৯৬৫ চনতেই জলসিঞ্চন বিভাগে নামহোলোং বিলৰ পৰা সৃষ্টি হোৱা ডুমডুমাৰ নৈৰ মোহনাত পকী বান্ধ দি এক জলাশয় সৃষ্টি কৰি সেই জলাশয়ৰ পৰা নলা নিৰ্মান কৰি খেতি পথাৰলৈ পানী যোগান ধৰি আহিছিল।

কিন্তু এতিয়া অসম চৰকাৰৰ জলসিঞ্চন বিভাগ হেমাহিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ খেতিয়ক ৰাইজে।

বিভাগৰ হেমাহিৰ বাবে চহা কৃষক সকলে জেঠ মাহৰ শেষৰ সপ্তাহ লৈকেও পানীৰ অভাৱত শালী ধানৰ খেতিৰ বাবে কঠীয়াতলীত ধানৰ বিজ হিচিব পৰা নাই, মাটিডৰাত হাল বাব পৰা নাই । বৰ্তমান সময়ত জল সিঞ্চনৰ নলা হাবি বননিৰে পুত খাই আছে। কিন্তু কোনো গুৰুত্ব নাই বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ ।

যি সময়ত চহা কৃষক সকলে জলসিঞ্চনৰ নলাৰে খেতিপথাৰত পানী পাব লাগিছল কিন্তু সেই সময়ত এই নলাত তিনি-চাৰিফুট ওখ হাবি বননীৰে ভৰি পৰিছে । জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ওপৰতো আছে বহুতো অভিযোগ।

বছৰটোৰ প্ৰায় ৯ মাহ দিন ঘৰত বহিয়েই চৰকাৰী দৰমহা গ্ৰহণ কৰাৰ অভিযোগ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে । খেতি পথাৰত পানী বিচাৰি স্থানীয় চহা খেতিয়কসকল খেতিপথাৰ এৰি উপস্থিত হয় ফিল’বাৰীত থকা জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : বোকাজানত জব্দ ৬কোটি টকাৰ য়াবা টেবলেট