নুমলীগড়ত হস্তী-মানৱ সংঘাত

নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । দিন -দুপৰতে হাতী মানুহৰ সংঘাতৰ
এই এই ঘটনা সুন্দৰপুৰ অঞ্চলৰ । আজি পুৱাৰ ভাগত এনেদৰে বন্য হস্তীৰ এটা জাকে সুন্দৰপুৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে ।ইফালে আজি কেইবাদিনো ধৰি নুমলীগড়ৰ বকিয়াল,ৰংবং, চফেলা,বগীঢলা আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ । দীর্ঘদিনে অব্যাহত আছে হাতী মানুহৰ সংঘাত ।বহু পৰিয়ালৰ বাসগৃহৰ লগতে বাৰীৰ কলগছ, নাৰিকল গছৰ ক্ষতি সাধন কৰাৰ লগতে হাতীৰ জাকটোৱে খাই গচকী তহিলং কৰিছে ৰবি শস্যৰ খেতি । জাকটোক যিমানেই আঁতৰাই খেদি পঠাবলৈ চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোৱেও উভতি ধৰি খেদিছে লোক সকলক । তাতে সৃষ্টি হৈছে হাতী মানুহৰ ভয়াবহ সংঘাত । খাদ্যৰ অভাৱতে বনাঞ্চলৰ পৰা জাকে জাকে ওলাই অহা বন্যহস্তী জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।