নিৰ্বাচনী প্ৰচাৰত তাৰকা প্ৰচাৰকৰ সংখ্যা নতুনকৈ নিৰ্দ্ধাৰণ কৰে নিৰ্বাচন আয়োগে

নিউজ ডেস্ক, ২১ফেব্ৰুৱাৰীঃ বৰ্তমান দেশত কোভিড-১৯ৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে এই ৰোগ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা বাধানিষেধসমূহ লাহে লাহে উঠাই লোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী তাৰকা প্ৰচাৰকৰ সংখ্যাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে ৷

এই নিৰ্দেশনাৰ জৰিয়তে কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সীমিত কৰা তাৰকা প্ৰচাৰকৰ সংখ্যা পুনৰ নিৰ্দ্ধাৰণ কৰি জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ৭৭ নং ধাৰা অনুসৰি নিৰ্দ্ধাৰণ কৰা সংখ্যা পুনৰ বাহাল ৰখা হৈছে৷ বৰ্তমান নিৰ্বাচনৰ বাবে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ ক্ষেত্ৰত ৪০ গৰাকী তাৰকা প্ৰচাৰক নিয়োগ কৰাৰ বিপৰীতে অন্যান্য পঞ্জীয়নকৃত ৰাজনৈতিক দলসমূহে ২০ গৰাকী তাৰকা প্ৰচাৰক নিয়োগ কৰিব পাৰিব৷ এই তাৰকা প্ৰচাৰকৰ তালিকাসমূহ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ ৭ দিনৰ ভিতৰত নিৰ্বাচন আয়োগত জমা দিব লাগিব৷ আনহাতে নিৰ্বাচন অনুষ্ঠিত হৈ থকা ৰাজ্যসমূহত চলিত নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰচাৰ চলাবৰ বাবে অতিৰিক্ত তাৰকা প্ৰচাৰক নিয়োগ কৰিব বিচাৰিলে অহা ২৩ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৫ বজাৰ ভিতৰত তাৰকা প্ৰচাৰকৰ তালিকা জমা দিব লাগিব৷