Local, Vocal, Global

নিযুক্তিৰ সাক্ষাৎকাৰৰ বাবে নগাঁৱলৈ আহিছিল বাক্সাৰ পৰিয়াল, পথ দুৰ্ঘটনাত নিহত ২

নিউজ ডেস্ক: জাগীৰোডৰ আমচৈগেটৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এজোপা গছত খুন্দা মাৰে এখন অ’ল্টোৱে৷ দুৰ্ঘটনাত থিতাতে নিহত চালক আৰু এজন আৰোহী। নিহত লোক দুজন হৈছে মুকুট দাস (৬০) আৰু চালক নয়ন দাস (৩৫)। দুৰ্ঘটনাত আহত দুগৰাকী যুৱতী খাংকানা দাস (২০) আৰু দীক্ষা দাস (২৩)। আটাইৰে ঘৰ বাক্সাৰ খন্দিকাত। জানিব পৰা মতে, নগাঁৱৰ পৰা গুৱাহাটীৰ অভিমুখে AS-01-DF-6588 নম্বৰৰ অ’ল্টো গাড়ীৰে গৈ থকা অৱস্থাত আমচৈগেটৰ সমীপত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন উফৰি গৈ পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে। ফলত গাড়ীখনৰ সন্মুখভাগ চূচূৰ্মৈ হৈ পৰে আৰু সন্মুখত থকা চালক নয়ন দাস আৰু মুকুট দাস থিতাতে নিহত হয়। পাছৰ আসনত থকা মুকুট দাস দুই কন্যাই আঘাত পায়। ঘটনাস্থলীত নেলী আৰক্ষী উপস্থিত হৈ দুই যুৱতীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, কন্যাৰ চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ নগাঁৱলৈ আহিছিল পৰিয়ালটোৱে৷