নিজেক উৰুৱাই দি প্ৰাণ কাঢ়ি নিলে আন কুৰিজনৰ, আকৌ কপি উঠিল কাবুল

আমৰিকাই দখল এৰি যোৱাৰ পিছতে আফগানিস্তানৰ শাসনলৈ পুনৰ আহে তালিবান৷ তালিবানে শাসনলৈ অহাৰ পিছতে বোমা বিস্ফোৰণত নিতৌ কপি উঠিব ধৰিছে আফগানিস্তান৷ পুনৰ আফগানিস্তানত বোমা বিস্ফোৰণ হোৱাত প্ৰায় কুৰি গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷
আফগান ৰাজধানী কাবুলত বৈদেশিক মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত আত্মঘাতি আক্ৰমণত কমেও ২০ জন লোক নিহত হৈছে। বুধবাৰে সংঘটিত বিস্ফোৰণত হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি প্ৰশাসনে আশংকা কৰিছে।
আত্মঘাতি বিস্ফোৰণৰ সময়ত তালিবান চৰকাৰৰ প্ৰতিনিধিসকলে বিদেশ মন্ত্ৰালয়ৰ কাৰ্যালয়ত চীনা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। এএফপিৰ এজন কৰ্মী জামছেদ কৰিমীয়ে বুধবাৰে হোৱা আক্ৰমণৰ সাক্ষী হৈছিল। পেছাত এজন চালক জামছেদে কয় যে মই নাজানো বিস্ফোৰণত কিমানজন লোক আহত হৈছিল। কিন্তু মই এজন মানুহক বিস্ফোৰকেৰে নিজকে উৰুৱাই থকা দেখিছিলো।