Website Design: dastechnologies.in
কেৱল চৰকাৰী চিকিৎসা সেৱা খণ্ডৰ পৰিধী ভেদী অচিৰেই ব্যক্তিগত নাৰ্চিং হোম সমূহতো কৰ’না ৰোগীৰ বাবে চিকিৎসা সেৱা আৰম্ভ হ’ব নেকি ? তেনে ইংগিতেই দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ’না ৰোগীৰ চিকিৎসা ব্যয় নিৰ্ধাৰণৰ বাবে তৰা এক আবেদন সন্দৰ্ভত শুনানি ল’বলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়। এই সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰৰ পৰাও বিচাৰিছে উত্তৰ। এসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা এই সন্দৰ্ভত স্পষ্টকৰন লবলৈ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাক দিয়া হৈছে নিৰ্দেশ। ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে ব্যক্তিগত চিকিৎসালয় কম খৰচী কৰ’না চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰ স্থিতি সন্দৰ্ভত উত্তৰ বিচাৰিছিল। চৰকাৰী পক্ষই কৈছিল ব্যক্তিগত নাৰ্চিং হোম সমূহক কৰ’না ৰোগীৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশ দিবলৈ চৰকাৰৰ কোনো সাংবিধানিক ক্ষমতা নাই।