Local, Vocal, Global

নাপালে উন্নত চিকিৎসা, এটি সংগ্ৰামী সত্তা অকালতে হেৰাই গ’ল, প্ৰফুল্ল হাফিলাৰ বিয়োগ

এটি সংগ্ৰামী সত্তা অকালতে হেৰাই গ’ল৷ উন্নত চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ অৱশেষত এই পৃথিৱীৰ পৰা বিদায় মাগিলে ডিমাচা জনগোষ্ঠীৰ সংগ্ৰামী নেতা প্ৰফুল্ল হাফিলাই৷ দীৰ্ঘ সময় শয্যাগত হৈ থাকি ৰজাঘৰ-প্ৰজাঘৰৰ সহায় অবিহনে মেলানি মাগিলে প্ৰফুল্ল হাফিলাই৷ প্ৰায় তিনিটা দশক ধৰি অসম, অসমীয়া জাতি তথা ডিমাচাসকলৰ হকে সংগ্ৰাম কৰি বেজাৰ মনেৰে হয়তো গুছি গ’ল প্ৰফুল্ল হাফিলা৷

ৰাজ্যখনৰ অন্যতম জনগোষ্ঠীয় কণ্ঠ প্ৰফুল্ল হাফিলাই আজি ইহলীলা সম্বৰণ কৰে৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ সদৌ ডিমাছা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলাই আজি পুৱা ১০ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। ভূমিপুত্ৰ ডিমাচা জনগোষ্ঠীৰ অন্যতম সংগ্ৰামী হাফিলা এটি পুত্ৰ সন্তানৰ পিতৃ আছিল৷ হাফিলাৰ মৃত্যুত আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ডিমাচা ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰে৷