নতুন বছৰত ভাল খবৰ. ২৫ টকাকৈ হ্ৰাস পালে পেট্ৰলৰ মূল্য
২০২১ বৰ্ষক বিদায় দিবলৈ মাজত মাথো দুটা দিন। কভিডে জুৰুলা কৰা ভাৰতবৰ্ষত বহু নতুন কথাই ভুমুকি মাৰিলে। বৰ্তমান সময়ত সমগ্ৰ দেশতে বহু সমস্যাৰ মাজতে ভয়াবহ সমস্যাৰ ৰূপত জনসাধাৰণৰ মাজত থিয় দিছে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে। দেশত পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ সময়তে ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰে নতুন বছৰ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ বৃহৎ উপহাৰ আগবঢ়াইছে । চৰকাৰখনে ৰাজ্যখনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২৫ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু হেমন্ত সোৰেন চৰকাৰে মাত্ৰ দুচকীয়া বাহনৰ বাবেহে এই ধামাকা খবৰ দিছে। বুধবাৰে ঝাৰখণ্ড চৰকাৰৰ ২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলৰ এটা টুইটত এই কথা প্ৰকাশ পাইছে।