নগৰবেৰাৰ টুপামাৰীত হেলমেট আৰু নথিপত্ৰ বিহীন চালকক নাকী লগালে আৰক্ষীয়ে
নিউজ ডেস্ক:যান বাহনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা ঘোষনাৰ পিছতেই ৰাজ্যৰ পুলিচ প্ৰশাসনে সক্ৰিয় হৈ পৰিছে
যাৰ পৰিপ্ৰেক্ষিতত আজি নগৰবেৰাৰ টুপামাৰীত কামৰূপৰ সহকাৰী আৰক্ষী বিষয়া হামিদুৰ ৰহমানৰ নেতৃত্বত,বকো আৰক্ষী চক্ৰ বিষয়া আৰু টুপামাৰী অৰক্ষী চকীৰ সহযোগত টুপামাৰীত তালাচী অভিযান চলায়
অভিযানত হেলমেট বিহীন আৰু গাড়ীৰ নথিপত্ৰ নথকা চালকৰ সকলোক আৰক্ষীয়ে জৰিমনা বিহে
আজিৰ এই অভিযানত হেলমেট নথকা বাবে দুজন পঞ্চায়ত প্ৰতিনিধিও ভৰিব লগা হ’ল জৰিমনা
পঞ্চায়ত প্ৰতিনিধি দ্বয়েও পুলিচ প্ৰশাসন এনে অতৰ্কিত অভিযানৰ শলাগ লোৱাৰ লগতে ৰাইজক চৰকাৰী নিয়ম মানি চলিবলৈ আহ্বান জনায়।
ReplyForward |