ধৰ্ষণকাণ্ডৰ গুৰুতৰ অভিযোগত, ধৰ্ষণকাৰীক ১২ বছৰৰ সশ্ৰম কাৰাদণ্ড পত্নীকো বিহিলে ৩ বছৰৰ কাৰাবাস

নিউজ ডেস্ক,২৬ এপ্ৰিল:- আদালতৰ বিশেষ ৰায়দান প্ৰদান, বনকৰা ছোৱালীক ধৰ্ষণকাৰীক ১২ বছৰৰ সশ্ৰম কাৰাদণ্ড, পত্নীকো ৩ বছৰৰ কাৰাবাস বিহিলে আদালতে , ধৰ্ষণকাৰীৰ বিৰুদ্ধে আজি এই কঠোৰ ৰায়দান বঙাইগাঁও বিশেষ আদালতৰ ।
আদালতে তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে ধৰ্ষণকাৰীৰ পত্নী আৰু আন এগৰাকী মহিলাক।
প্ৰাপ্ত তথ্য অনুসৰি বঙাইগাঁও চহৰৰ সমীপৱৰ্তী শাওনাগাঁৱৰ পাষণ্ড অমূল্য পাঠকে নিজ ঘৰৰ বনকৰা ছোৱালী এগৰাকীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰিছিল।
তাৰ পিছত ধৰ্ষণকাৰী অমূল্য পাঠকৰ পত্নী পূজাৰী পাঠকে কৌশলেৰে বনকৰা ছোৱালী গৰাকীক চিকিৎসালয়ত নি গৰ্ভপাত কৰাই আনিছিল।
গৰ্ভপাতৰ পূৰ্বে পূজাৰী পাঠকৰ সম্পৰ্কীয় ভানুমতী সিংহই বন কৰা ছোৱালী গৰাকীক নিজৰ কন্যা বুলি পৰিচয় দিছিল চিকিৎসালয়ত।
গৰ্ভপাত কৰোৱাৰ পিছতে বনকৰা ছোৱালী গৰাকীক ঘৰত থৈ আহিল পাঠকৰ পৰিয়ালে। কিন্তু ছোৱালী গৰাকী শাৰিৰীক ভাৱে অসুস্থ হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু বনকৰা ছোৱালীৰ পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে।
২০১৫ চনতে বঙাইগাঁও সদৰ থানাত গোচৰ পঞ্জীয়ন হৈছিল আৰু আজি আদালতে কঠোৰ ৰায় প্ৰদান কৰে।
বঙাইগাঁও বিশেষ আদালতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি অমূল্য পাঠকক ১২ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু দহ হাজাৰ টকাৰ জৰিমনা বিহে।
লগতে এই ঘটনাৰ সহায় কৰাৰ বাবে অমূল্য পাঠকৰ পত্নী পূজাৰী পাঠক আৰু ভানুমতী সিংহক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু তিনি হাজাৰ টকাৰ জৰিমনা বিহে।