ধিক মানৱতা! অস্ত্ৰোপ্ৰচাৰ সম্পূৰ্ণ নকৰাকৈয়েই মুমূৰ্ষ অৱস্থাত চিকিসালয়ৰ পৰা বিদায় দিলে এটি শিশুক

ব্যক্তিগত চিকিৎসালয়ৰ অতপালি। ৰোগীৰ পৰিয়ালে ৫ লাখ টকা দিব নোৱাৰাৰ বাবেই সম্পূৰ্ণ নকৰিলে অস্ত্ৰোপ্ৰচাৰ
উত্তৰ প্ৰদেশৰ কোচাম্বীৰ এটি তিনি বছৰীয়া শিশুয়ে ২৪ ফেব্ৰুৱাৰীত পেটৰ বিষত আৰ্তনাদ কৰাত শিশুটিৰ পৰিয়ালবৰ্গই ইউনাইটেড মেডিচিটি নামৰ উত্তৰ প্ৰদেশৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰাইছিল । চিকিৎসালয়খনে শিশুটিৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে ৫ লাখ টকা দাবী কৰিছিল। পিছে ইমান টকা পৰিশোধ কৰিবৰ বাবে অসমৰ্থ হোৱাত পৰিয়ালটোৱে ২ লাখ টকা পৰিশোধ কৰে আৰু বাকী থকা ধনৰাশি আদায়ৰ বাবে অধিক সময় বিচাৰে । কিন্তু মানৱতাৰ সকলো সীমা অতিক্ৰম কৰি চিকিৎসালয় কৰ্তৃপক্ষই বাকী থকা ধন পৰিশোধ কৰিব নোৱাৰাৰ বাবে শিশুটিৰ দেহত সম্পূৰ্ণৰূপে চিলাই নকৰাকৈয়েই মুমূৰ্ষ অৱস্থাত চিকিৎসালয় পৰা যাবলৈ দিয়ে ।
অভিভাৱকে শিশুটিৰ অস্ত্ৰোপ্ৰচাৰ সম্পূৰ্ণ কৰাৰ বাবে অন্য এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাব বিচৰাত চিকিৎসালয়খনে শিশুটিক পুনৰ ইউনাইটেড মেডিটিছিটিলে প্ৰেৰণ কৰে । কিন্তু ইউনাইটেড মেডিটিছিটি হাস্পতালখনে শিশুটিক ভৰ্তি কৰাবলৈ অমান্তি হয়। এনেদৰে চৰম অৱহেলাৰ সম্মুখীন হৈ যন্ত্ৰণাকাতৰ পৰিস্থিতিৰ সৈতে যুঁজি যুঁজি জীৱন যুদ্ধত হাৰ মানিলে শিশুটিয়ে।
এই জঘন্য় ঘটনাৰ পিছতেই দিশহাৰা হৈ পৰা অভিভাৱকৰ এজাহাৰৰ ভিত্তিত কৌশাম্বী আৰক্ষীয়ে শনিবাৰে চিকিৎসালয় খনৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ।