Local, Vocal, Global

ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ধেমাজি জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে জোনাইৰ ওচৰৰ ধেমাজিৰ তেলম লাখিপথাৰ অঞ্চলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।দুৰ্ঘটনাত নিহত এজন নাবালকসহ তিনিজন।আহত ৬ জন।আহত সকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
বাতৰি অনুসৰি, এখন চাৰিচকীয়া বাহনে এখন চাইকেল,স্কুটি আৰু এখন মটৰচাইকেলত খুন্দা মাৰে।