দৰঙা নৈৰ সোঁতত ভাৰত ভূটান মৈত্ৰীৰ বাৰ্তা

কৰ’নাসৃষ্ট অচলাৱস্থাৰ মাজতে জনসাধাৰণৰ অভাৱ-অভিযোগৰ ক্ষেত্ৰত এক পাৰস্পৰিক সহযোগীতামূলক বাতাৱৰন গঢ়ি উঠা দেখা গৈছে সীমান্তৱৰ্তী অঞ্চলত। শেহতীয়াকৈ বাক্সা জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত অসমৰ কৃষকৰ সংকটমোচনৰ বাবে সহযোগিতামূলক ভূমিকা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে চুবুৰীয়া ৰষ্ট্ৰখন। উল্লেখযোগ্য যে বাৰিষাৰ সময়তো ভূটানৰ পানী অবিহনে অসমৰ বাক্সা জিলাৰ তামোলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী দৰঙামেলা,পাটকীজুলি,পাহাৰপুৰ,শুকানজুলি, বগাজুলি আদিৰ বৃহত্তৰ অঞ্চলৰ খেতিয়কৰ মাজত হাঁহাকাৰৰ সৃষ্টি হয়। এইবেলিও অনুৰূপ সমস্যাত উদ্বিগ্ন হৈ পৰা সীমান্তৱৰ্তী কৃষক ৰাইজক সকাহ দি চুবুৰীয়া দেশখনে দৰঙা নদীৰ পানী এৰি দিয়াৰ সিদ্ধান্ত লৈছে। এইক্ষেত্ৰত প্ৰয়োজনীয় সকলো খৰছ বহন কৰাৰ বাবেও চুবুৰীয়া দেশখনে দায়িত্ব লোৱা বুলি সদৰি কৰিছে ভাৰত-ভূটানৰ মৈত্ৰী সংগঠন বি আই এফ এ ৰ উপ-সভাপতি টিছিৰিং নামজিয়ালে
উল্লেখযোগ্য যে স্বাধীনতাৰ পাছৰে পৰা সীমান্তৱৰ্তী অঞ্চলৰ স্থানীয় বান্ধ নিৰ্মান সমিতি সমূহে ভূটানৰ ভিতৰত থকা দৰঙা নদীৰ বান্ধ মেৰামতিত চুবুৰীয়া দেশখনক সহযোগীতা আগবঢ়াই আহিছে।কিন্তু এইবেলি লকডাউনৰ বাবে বিদেশী লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধা অহাত সীমান্তৱৰ্তী অসমীয়া গঞা ৰাইজে চুবুৰীয়া দেশখনক সহযোগীতা আগবঢ়াব পৰা নাছিল। সীমান্তৱৰ্তী ৰাইজৰ এই অসহায় অৱস্থাক উপলব্ধি কৰি ভূটান চৰকাৰে গ্ৰহণ কৰা সহযোগিতামূলক মনোভাৱে হাঁহি বিৰিঙাইছে স্থানীয় অসমীয়া কৃষক ৰাইজৰ মুখত।।